“ চিৰ চেনেহী মোৰ ভাষা জননী ”
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন
বজালী ২০২৫ খ্ৰীষ্টাব্দ
স্থান : ভট্টদেৱ ক্ষেত্ৰ
পাঠশালা - বজালী - অসম - ৭৮১৩২৫
দিনাংক : ১৭, ১৮, ১৯, ২০, ২১ মাঘ ১৪৩১ ভাস্কৰাব্দ (৩১ জানুৱাৰী আৰু ১, ২ , ৩ , ৪ ফেব্ৰুৱাৰী, ২০২৫ খ্ৰীষ্টাব্দ ) ক্ৰমে শুকুৰবাৰ, শনিবাৰ, দেওবাৰ, সোমবাৰ, মঙলবাৰ
Upcoming Events
-
লাইখুটা স্থাপন
১৫-১২-২০২৪
-
অধিবেশনৰ প্ৰথম দিন
৩১-০১-২০২৫
-
অধিবেশনৰ দ্বিতীয় দিন
০১-০২-২০২৫
-
অধিবেশনৰ তৃতীয় দিন
০২-০২-২০২৫
-
অধিবেশনৰ চতুৰ্থ দিন
০৩-০২-২০২৫
-
অধিবেশনৰ পঞ্চম দিন
০৪-০২-২০২৫
সভাপতিৰ মেজৰ পৰা - From the Desk of President
সভাৰ প্ৰতীকৰ বিষয়ে - About the Asam Sahitya Sabha's Emblem
সভাৰ নিজা প্ৰতীকৰ ঠগাত থোৱা সাঁচিপতিয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ লিখা থাকিব আৰু তলত এটি তৰা থাকিব । ঠগাৰ তলত ভূমিত ‘অসম সাহিত্য সভা’ লিখা থাকিব ।
There will be a clay candle on the sealed book, surrounded by the inscription 'Chira Senehi Mur Bhasha Janani' and a star below. There will be 'Asam Sahitya Sabha' written on the base of the book holder.
ভূমিত থকা নাম
প্ৰতীকৰ বেদিত ‘অসম সাহিত্য সভা’ নামটো থাকি সভাক ধৰি ৰাখিছে ৷
পুথি
সৌধ স্বৰূপ শৰাইৰ প্ৰতিষ্ঠিত হৈছে এখনি পুথি । এই পুথি আমাৰ সমগ্ৰ মানৱীয় জ্ঞান, বিদ্যা, শিল্প, সাহিত্য আৰু বঞ্চিত প্ৰমূল্য সমূহৰ আধাৰ।
ধ্ৰুৱ তৰা
ধ্ৰুৱ তৰাটি এই সাধনাৰ লক্ষ্য এই সকলো খিনি সাধনাৰ প্ৰকাশ মাধ্যম ‘চিৰ চেনেহী মোৰ ভাষা জননী’ ।
চিৰ চেনেহী মোৰ ভাষা জননী
এই বাক্যাংশ টি লোৱা হৈছে সভাৰ আৰম্ভণি গীত স্বৰূপে ব্যৱহৃত মিত্ৰদেৱ মহন্তৰ ৰচিত গীতটি প্ৰথমৰ পৰা ৷
বন্তিগছি
ভাষা জননীৰ অক্ষয় বন্তিগছিয়েই আমাৰ সকলো সাধনাক অনন্ত কাললৈ পোহৰাই ৰাখিব ।
আহঁতৰ পাত
এই বাণী, তৰা আৰু বন্তিগছিৰ পটভূমিত আছে এটি আহঁত পাতৰ আভাস। আঁহতপাত টি ভাৰতীয় সাংস্কৃতিক সাধনাৰ লগত গভীৰভাৱে সংপৃক্ত বোধিবৃক্ষৰ এটি প্ৰতীকী আভাস ।
মূখ্য অতিথি আৰু বক্তা সকল - Special Guests and Speakers
To be announced...
১৯৮৭ চনত ৫৩ সংখ্যক সন্মিলন - 53th Conference in 1987
Vistors
Stalls
Books Published
Awards Winning
উপ সমিতিবোৰ - Sub-Committees
To be announced
coming soon
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনলৈ আপোনালোক সকলোকে আন্তৰিকতা আৰু আগ্ৰহেৰে আমন্ত্ৰণ জনাইছো ৷ এই অধিৱেশন সাহিত্যিক ঐতিহ্য আৰু আমাৰ প্ৰিয় আপোন ৰাজ্যখনৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সমাহাৰ হ’ব ৷ এই অধিৱেশন কেৱল আনুষ্ঠানিকতা নহয় ৷ এনে এখন ক্ষেত্ৰ য’ত সকলোৱে সন্মিলিত ভাৱে নিজৰ সৃষ্টি প্ৰতিভাৰ উত্থাপন আৰু বিনিময় কৰিব পাৰিব৷অসমৰ ভাষা,সাহিত্য ,সংস্কৃতি সকলোৰে এক ধ্ৰুপদী ঐতিহ্য আছে ৷ এই অধিৱেশনত সেই ঐতিহ্যৰ প্ৰতিফলনৰ লগতে প্ৰাতঃস্মৰণীয় সাহিত্যিক সকলক শ্ৰদ্ধা জনোৱাৰ আৰু নৱ প্ৰজন্মৰ প্ৰতিভাক উপযুক্ত মঞ্চ দিয়াৰ প্ৰচেষ্টা কৰা হ’ব ৷
ৰঞ্জিত কুমাৰ দাস সভাপতি, আদৰণি সমিতি, অসম সাহিত্য সভা