loader image

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন | Asam Sahitya Sabhar Pathsala Adhibeshan 2025

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন

Introdction & History

পাতনি

‘ জাতীয় চৰিত্ৰ, জাতীয় উন্নতি, জাতীয় আৰ্হি এই সমস্তৰে ওপৰত সেই জাতিৰ সাহিত্য নিৰ্ভৰ কৰে ’

——ৰজনীকান্ত বৰদলৈ।


           উনৈছ শতিকাৰ শেষৰ ফালে কলিকতাত অধ্যয়ন কৰি থকা লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, বেণুধৰ ৰাজখোৱা, ডালিম চন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, আদিৰ দৰে অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ বাবে ১৮৮৮ চনৰ ২৫ আগষ্টত প্ৰতিষ্ঠা কৰিছিল ‘ অসমীয়া ভাষা উন্নতি সাধনী সভা।’ এই শিপাৰ পৰাই বিকশিত হৈ শিৱসাগৰত ১৯১৭ চনৰ ২৬ ডিচেম্বৰত পদ্মনাথ গোহাঞিবৰুৱা, চন্দ্ৰনাথ শৰ্মা, শৰৎ চন্দ্ৰ গোস্বামী আদিৰ দৰে চিৰ পুৰোধা ব্যক্তিৰ নেতৃত্বত ‘ চিৰ চেনেহী মোৰ ভাষা জননী ‘ সেৱাৰ্থে জন্ম লাভ কৰে অসম সাহিত্য সভাই।’ এই অনুষ্ঠানটো আজি বিশাল বটবৃক্ষলৈ ৰূপান্তৰ হৈছে।

         ‘চিৰ চেনেহী মোৰ’ ভাষা জননী গীতটি য়ে অসম সাহিত্য সভাৰ আৰম্ভণি গীত হিচাপে যিহেতু জাতীয় সংগীতৰ দৰে ইতিমধ্যে স্বীকৃতি আৰু মান্যতা লাভ কৰিছে, সেইকাৰণে গীতটিৰ গায়ন আৰু পৰিৱেশন শৈলী গোটেই অসম একে কৰাৰ উদ্দশ্যেৰে যোৱা ১৬ নৱেম্বৰ (২০১৪ খ্ৰী:) তাৰিখে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে এটি প্ৰস্তাৱ গ্ৰহণ কৰে । প্ৰস্তাৱৰ সিদ্ধান্ত মৰ্মে গঠন কৰা উপসমিতিয়ে চিৰ চেনেহী মোৰ ভাষা জননী গীতটি পৰিবেশনৰ বাবে তলত দিয়া সিদ্ধান্ত সমূহ গ্ৰহণ কৰে ।

চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত-পাৱনী, আই॥
প্ৰকৃতি পৰশ-ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি সনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ
বসনা শিতানে বহি সিঁচা শতধাৰ
হে’ মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥

ৰচনা : মিত্ৰদেৱ মহন্ত ৷

Introduction

The oldest literary-cultural organisation of Assam, the Asom Sahitya Sabha was established in Kamrup district in 1917. It was constituted mainly for the development of Assamese culture, language and literature.

Padmanath Gohain Barua acted as the first president of the Sabha and presided over the Sibsagar edition of its first session in 1917 whereas Sarat Chandra Goswami became the first secretary of the organisation. The evolution of the organisation can be traced back to two earlier Kolkata-based bodies – ‘Asamiya Bhasa Unnati Sadhini Sabha’ and ‘Assamese Literary Society’ which had been established by a few Assamese students.

The Sabha, from its very inception, was greatly concerned with the long standing question of the linguistic and cultural identity of the people of Brahmaputra and Barak Valley. It fashioned a new era for the development of literature in Assam. Furthermore, the Sabha influenced the people of Assam to follow a nationalistic direction. It infused in their minds the spirit of nationalism and contributed greatly to the growth of a deep sense of patriotism. Members of the Sabha who were closely associated with the national political activities utilised the platform of the Sabha for political discussion. It functioned as a springboard for those who later joined the freedom movement.

Thus, the sabha shaped a new socio-political consciousness and roused the dormant political spirit of the people.

সভাৰ প্ৰতীকৰ বিষয়ে - About the Asam Sahitya Sabha's Emblem

সভাৰ নিজা প্ৰতীকৰ ঠগাত থোৱা সাঁচিপতিয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে  ‘চিৰ চেনেহী মোৰ ভাষা জননী’ লিখা থাকিব আৰু তলত এটি তৰা থাকিব । ঠগাৰ তলত ভূমিত ‘অসম সাহিত্য সভা’ লিখা থাকিব ।

There will be a clay candle on the sealed book, surrounded by the inscription 'Chira Senehi Mur Bhasha Janani' and a star below. There will be 'Asam Sahitya Sabha' written on the base of the book holder.