loader image

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন | Asam Sahitya Sabhar Pathsala Adhibeshan 2025

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন

History & Culture of Bajali

যুনানাম আৰু গীত মাত, নৃত্য আদিযুনানাম আৰু গীত মাত, নৃত্য আদি – বজালী জুনানাম অতি পুৰণি কালৰ পৰা বৰ্তমানলৈ চলি অহা এটি স্বকীয় বৈশিষ্টপূৰ্ণ পৰিবেশ কলা । বৰপেটা বা দৰঙৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত নামৰ লগত ইয়াৰ পাৰ্থক্য দেখা যায় । বজালী ত কোনে প্ৰথমে জুন নাম থিয় নাম আৰম্ভ কৰিছিল তাক সঠিক কৈ জনা নাযায় । জুন নামৰ দল এটাত এজন পাঠক, পাঠকক সহায়কাৰী হিচাপে এজন ডাইনাপালি আৰু কমেও আঠজন ৰ ওপৰত পালি থাকে । জুন নামৰ বাজনা হিচাপে মাত্ৰ এযোৰ তাল বজাই আৰু হাত চাপৰি ৰে নাম পৰিৱেশন কৰে । স্বৰ্গীয় হৰমোহন পাঠক, ধনেশ্বৰ পাঠক আৰু বৰ্তমান সময়ৰ দিবাকৰ পাঠক বজলিত প্ৰসিদ্ধ যুনানামৰ পাঠক ৷

বজালী আলিখিত সাহিত্য সমূহ – অপে চৰা সবাহ নাম, লখিমী সবাহৰ নাম, আইনাম, আয়তী নাম, ধাইনাম, বিয়ানাম মালিতা, প্ৰবচন ফকৰা যোজনা, পটন্তৰ, নিচুকণি গীত আদি লৌকিক আৰু আঞ্চলিক ধাৰণাৰে পুষ্ট । সত্ৰীয়া নৃত্য, নাট- ভাওনা, বৰগীত, আদি বজালী ৰ অতীজৰে পৰা প্ৰচলিত যদিও এসময় ৰ এই লোক ধৰ্মী কলা সমূহ বৰ্তমান বজালীত কেইগৰাকী মান ব্যক্তিৰ প্ৰচেষ্টাত বিশেষকৈ সত্ৰীয়া নৃত্য পৰিৱেশন কৰা দেখা যায় । সীমিত সুবিধাৰে হলেও দুই এখন সত্ৰ আৰু কেইখন মান সংগীত বিদ্যালয়ে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত সদায় গুৰুত্ব আৰোপ কৰা দেখা যায় ।

গায়ান বায়ন, ওজাপালিৰ, ঢুলীয়া, নেগেৰা নাম, খুঞ্জুৰী নাম – পৃথিবীৰ প্ৰায়বোৰ দেশতেই নাচ নাটক অভিনয় আদিৰ উৎপত্তি ৰ কেন্দ্ৰ বিন্দু হিচাপে পৰিগণিত হৈছে ধৰ্মোৎসৱ। বজালীৰ ধৰ্মীয় অনুষ্ঠান সমূহক কেন্দ্ৰ কৰিও প্ৰাচীন কালৰে পৰা হৈ আহিছিল অধুনালুপ্ত গায়ন বায়ন অনুষ্ঠান । দৰঙী খুলীয়া ভাৱৰীয়াৰ লগত সাদৃশ্য থকা গায়ন বায়নত অংকীয়া ভাওনা ভিত্তিক কাহিনী সমূহেই মূলতঃ প্ৰদৰ্শিত হৈছিল । বামাখাটা গায়ন বায়নৰ দল, আকয়াৰ গায়ন বয়নৰ দল ভালুকী গায়ন বায়নৰ দল আৰু কলজিৰা পাৰা গায়ন বায়নৰ দল প্ৰখ্যাত হৈছিল সমগ্ৰ বজালী অঞ্চলত । উনবিংশ শতিকাৰ শেষ দশকত জালিখাটাৰ গায়ন বায়নৰ দলত চোৱৰা নাচ দেখুৱাই কিছু আধুনিকি কৰণ কৰি বজালী ৰ বাহিৰতো নাট পৰিৱেশন কৰা হৈছিল ।